গুৱাহাটী, ১৯ ছেপ্তেম্বৰ(হি.স.)। সদৌ অসম ছাত্ৰ সন্থাই আজি সন্ধিয়া ৬ বজাত গুৱাহাটীৰ লতাশিল ফিল্ডত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ শোক সমাৱেশ (সমাবেদনা শ্ৰদ্ধাঞ্জলি) অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে।
ছিংগাপুৰত সাগৰত সাতুৰি থকা অৱস্থাত এক অভাৱনীয় পৰিস্থিতিত মৃত্য়ুবৰণ কৰা জুবিন গাৰ্গৰ মৃত্য়ুৰ বাতৰিয়ে অসমৰ লগতে বলীউদতো শোকৰ চা পেলাইছে। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত আয়োজক কমিটিৰ আমন্ত্ৰণ ক্ৰমে অংশগ্ৰহণ কৰিব আহিছিল অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
