নগাঁও, ২৯ ডিচেম্বৰ (হি.স.)। চামগুৰিত হাতী মানুহৰ সংঘাত। কঠমপি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ। চামগুৰিৰ কুৰাবাহিত বনৰীয়া হাতীৰ উপদ্ৰৱ। বনৰীয়া হাতীৰ ভয়ত প্ৰাণ বচাবলৈ গৈ দুজন পুৰুষৰ সৈতে এগৰাকী মহিলা আঘাতপ্ৰাপ্ত।
আঘাতপ্ৰাপ্ত লোক কেইজন হৈছে গুলিৱা ৰবি দাস,মুখুৰাজ ৰবি দাস,ৰাম প্ৰসাদ ৰবি দাস।বাস গৃহৰ ভিতৰত থকা অৱস্থাতে কালি নিশা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে। ফলত শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হয়। বাস গৃহ ভাঙি তচ নচ কৰাৰ লগতে প্ৰথম বাৰৰ বাবে ভাঙিলে গোঁসাই ঘৰ।সমান্তৰালকৈ মিন্টো বৰা আৰু বিনন ৰাভাৰ দুখনকৈ দোকান ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীয়ে । বহু দিন ধৰি চামগুৰিৰ বিভিন্ন ঠাইত এটা ১২ জনীয়া হাতীয়ে চলাই আছে উপদ্ৰৱ। হাতী কেইটাক খেদি পথাব লৈ সক্ষম হোৱা নাই বন বিভাগটোৰ লোক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
