বঙাইগাঁও চহৰত দিনক দিনে বৃদ্ধি পোৱা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাৰ আৰক্ষীয়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা শুকুৰবাৰে নিশা, বিওচি গেটৰ ওচৰত থকা উইংছ ইউনিক্স স্পা এণ্ড চেলুন (WINGS UNISEX SPA & SALON)ত চলোৱা অভিযানত এক নাৰী দেহ চক্ৰ ফাঁইচ কৰা হয়। এই ঘটনাই চহৰবাসীক হতবাক কৰি তুলিছে আৰু এনে স্পা আৰু চেলুনৰ ওপৰত কঠোৰ পদক্ষেপ ল’বলৈ সচেতন মহলে দাবী জনাইছে।
BulletsIn
-
বঙাইগাঁও সদৰ থানাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা উইংছ ইউনিক্স স্পা এণ্ড চেলুনত অভিযান চলায়।
-
এই স্পা বিওচি গেটৰ ওচৰত অৱস্থিত।
-
অভিযানত নাৰী দেহ ব্যৱসায়ত জড়িত থকা সন্দেহত ৫ গৰাকী যুৱতীক আটক কৰা হয়।
-
লগতে ২ জন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
-
গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ নাম পৱন শৰ্মা আৰু অহিদুল ইছলাম বুলি জানিব পৰা গৈছে।
-
আৰক্ষীয়ে ঘটনাস্থলৰ পৰা বহু পৰিমাণৰ কণ্ডম উদ্ধাৰ কৰে।
-
এনে অনৈতিক কাৰ্য্য বিগত বহু দিন ধৰি বঙাইগাঁও চহৰত চলি আছে বুলি সন্দেহ।
-
বিশেষকৈ চহৰৰ বিভিন্ন ঠাইত স্পা আৰু চেলুনৰ আড়ালত চলি আছে দেহ ব্যৱসায়।
-
এই ঘটনাই চহৰৰ আইন-শৃঙ্খলাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
-
সচেতন নাগৰিকে এনে কাৰ্য্য বন্ধ কৰি বিহিত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে।
