মেক্সিকো চহৰ, ৩১ জানুৱাৰী : মেক্সিকোৰ চিনালোয়া ৰাজ্যৰ ১৫ডি হাইৱেত মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত এখন ডাবল ডেকাৰ বাছ আৰু এখন ট্ৰেক্টৰ ট্ৰেইলাৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুয়োখন বাহন জুইত জাহ যায়। এই দুৰ্ঘটনাত কমেও ২০ জন লোকৰ মৃত্যু হয়। ইয়াৰ উপৰিও ১৬ জন লোক আহত হৈছে।
মেক্সিকো নিউজ ডেইলীৰ মতে, মাজাটলান আৰু কুলিয়াকানৰ মাজৰ আলোটা পৌৰসভা এলেকাৰ বস্কোছ’ৰ ওচৰৰ ১৫ডি হাইৱেত সংঘটিত হয় এই দুৰ্ঘটনা। ডাবল ডেকাৰ বাছখন নৰ্টে ডি চিনালোয়া কোম্পানীৰে। বাছখন জালিস্কোৰ গুয়াডালাজাৰাৰ পৰা লছ মোচিছ (চিনালোয়া)লৈ গৈ আছিল। অতি কম সময়ৰ ভিতৰতে দুয়োখন বাহন জ্বলি ছাই হৈ পৰে। মৃত লোকসকলৰ অধিকাংশই সাগৰৰ পাৰৰ চহৰ লছ মচিছৰ বুলি জানিব পৰা গৈছে।
বাতৰি কাকতৰ বাতৰি অনুসৰি বাছখনত ৩৭ জন যাত্ৰী আছিল। বিয়লিলৈকে মৃত লোকজনৰ নাম প্ৰকাশ কৰা হোৱা নাই। লগে লগে নেচনেল গাৰ্ড আৰু অন্যান্য নিৰাপত্তা আৰু অসামৰিক প্ৰতিৰক্ষা সংস্থাক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়। ৰাজ্যৰ এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ে এই দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ছিনালোয়াৰ গৱৰ্ণৰ ৰুবেন ৰোচা ময়াই এক্স হেণ্ডেলত সংঘটিত দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে।
