কামৰূপ, ০৪ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ হাজোৰ হালোগাঁৱত দুদিনীয়াকৈ আৰম্ভ হৈছে সদৌ অসম ভিত্তিত একাঙ্কিকা নাট প্ৰতিযোগিতা। প্ৰয়াত অভিনেতা শশাঙ্ক দাসৰ সোঁৱৰণত ৰূপালীমৰ উদ্যোগত এই একাঙ্কিকা নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
এই নাট প্ৰতিযোগিতাত অসমৰ কেইবাখনো জিলাৰ নাট্য দলসমূহে অংশগ্ৰহণ কৰে। নাট প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোণোৱাল, অভিনেতা ভগৱৎ প্ৰীতম, ৰবিজিতা গগৈ আদিৰ লগতে মুখ্য উদ্যোক্তা শংকৰ দাস উপস্থিত থাকে।
