গোলাঘাট, ০৯ ফেব্ৰুৱাৰী : বৰ্হি ৰাজ্যত পুনৰ সন্ধানহীন মেৰাপানীৰ যুৱক। পেটৰ তাড়নাত কৰ্ম সংস্থাপন বিচাৰি বৰ্হি ৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন মেৰাপানীৰ দীপক বৰা নামৰ যুৱক জনৰ। যুৱক জনৰ সন্ধানহীন হোৱাৰ খৱৰ পায় শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ।
মেৰাপানীৰ ইন্দপুৰৰ দীপক বৰা নামৰ যুৱকজনে যোৱা লগৰীয়াৰ সৈতে দেওবাৰে ৰে’ল যোগে চেন্নাই অভিমুখে গৈ থকা অৱস্থাত বিশাখাপট্টনম ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। ইফালে পৰিয়ালৰ লোকে দীপক বৰাৰ সহিতে যোৱা যুৱক কেইজনৰ সৈতে যোগাযোগ কৰিছে যদিও কোনোধৰণৰ সুং সুত্ৰ লাভ কৰা নাই পৰিয়ালটোৱে। যদি কোনো ব্যক্তিয়ে উক্ত ব্যক্তি জনৰ সন্ধান লাভ কৰে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যোগাযোগ নম্বৰ ৯৩৬৫৬ ৫৩২৮২
