নতুন দিল্লী, ১০ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীক তেওঁৰ দিল্লীৰ বাসগৃহত সাক্ষাৎ কৰে। শেহতীয়াকৈ আদৱানীক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ ঘোষণাত সোণোৱালে অভিনন্দন জ্ঞাপন কৰে।
বৈঠকৰ অন্তত সোণোৱালে সাংবাদিকৰ আগত কয় যে লাল কৃষ্ণ আদৱানীৰ আজীৱন দায়বদ্ধতা আৰু ৰাইজৰ কল্যাণৰ প্ৰতি সমৰ্পণে বিজেপি আৰু জাতি গঠন প্ৰক্ৰিয়াক শক্তিশালী কৰি তুলিছে। তেওঁৰ আশীৰ্বাদে আমাক সদায় ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়বদ্ধ হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
