বলীউডৰ অভিনেতা ছাইফ আলী খানে পুত্ৰ টাইমুৰৰ ভৱিষ্যতৰ কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে তেওঁ অভিনয়ৰ ক্ষেত্ৰত নিজৰ কেৰিয়াৰ আগুৱাই নিব বিচৰা নাই বৰঞ্চ আন কোনো ক্ষেত্ৰতহে আগবাঢ়িব বিচাৰে।
ছাইফে কয়, ‘টাইমুৰে বলীউডৰ চমকৰ পৰা আঁতৰি থাকিব বিচাৰে। তেওঁ ফুটবলাৰ বা গীটাৰিষ্ট হ’ব বিচাৰে। ইয়াৰ উপৰিও ছাইফে ফুটবল প্ৰশিক্ষণৰ বাবে আৰ্জেণ্টিনালৈ যাব বিচৰাৰ কথাও প্ৰকাশ কৰিছে ছাইফে। গতিকে ভৱিষ্যতে যদি টাইমুৰ ফুটবলাৰ হয় তেন্তে আচৰিত নহ’ব।
ছৈফৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে ২০২৩ চনত তেওঁ ‘আদিপুৰুষ’ ছবিত লংকেশ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত ছৈফৰ লুকক বহুত সমালোচনা কৰা হৈছিল। ইয়াৰ উপৰিও আগন্তুক ছবি ‘দেৱৰা’ত মানুহক লগ পাব ছাইফে। এই ছবিখনত ছাইফৰ সৈতে জুনিয়ৰ এন টি আৰক দেখা যাব। ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব এই ছবিখন।
