কামৰূপ, ০৬ অক্টোবৰ (হি.স.)। সাধাৰণতে কথা কোৱাত অসুবিধা পোৱা আৰু ষ্ট্ৰোক হোৱা আদি ৰোগী সকলৰ বাবে এক সুখবৰ। এনে ধৰণৰ ৰোগীৰ সহায়ক হোৱাকৈ ৰঙিয়াত মুকলি কৰা হৈছে আস্থা ৰিহেবিলিচন চেন্টাৰ। ইয়াত প্ৰদান কৰা হয় স্পিচ্ছ থেৰাপি, অকপেছন থেৰাপি, ফিজিঅ থেৰাপি আৰু স্পেছিয়েল ইডুকেচন।
উল্লেখ্য় যে এই চিকিৎসা কেন্দ্ৰটোৰ মুখ্যদ্বাৰ মুকলি কৰে ৰঙিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ নাথে। আৰু সা-সজুলিৰ দ্বাৰ মুকলি কৰে নলবাৰী অসামৰিক চিকিৎসালয়ৰ এছডিএমও দিলীপ কলিতাই। এই আস্থা ৰিহেবিলিচন কেন্দ্ৰটো ৰঙিয়াৰ এন.টি.ৰোডৰ এপ’ল ফাৰমাছিৰ সমুখত অৱস্থিত। কথা কোৱাত অসুবিধা পোৱা আৰু ষ্ট্ৰোক হোৱা আদি চিকিৎসা সেৱা উপলদ্ধ এই কেন্দ্ৰটোৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজসকল উপকৃত হব বুলি আশা প্ৰকাশ কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
