নতুন দিল্লী, । আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্যত ১০০ টকা ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এই কৰ্তনৰ পিছত ৰাজধানী দিল্লীত ১৪.২ কেজি এল পি জি চিলিণ্ডাৰৰ মূল্য ৯০৩ টকাৰ পৰা ৮০৩ টকালৈ হ্ৰাস পাইছে। এতিয়া ভোপালত ৮০৮.৫০ টকা, জয়পুৰত ৮০৬.৫০ টকা আৰু পাটনাত ৯০১ টকাত উপলব্ধ হ’ব। একেদৰে গুৱাহাটীত ৯৫২ টকাৰ পৰা ৮৫২ টকা হয়গৈ।
শুকুৰবাৰে ‘এক্স’ত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে নাৰী দিৱস উপলক্ষে এল পি জি চিলিণ্ডাৰৰ মূল্যত ১০০ টকা ৰেহাই দিয়াৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ দ্বাৰা নাৰী শক্তিৰ জীৱন সহজ হোৱাই নহয় কোটি কোটি পৰিয়ালৰ আৰ্থিক বোজাও হ্ৰাস পাব। এই পদক্ষেপে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰতো সহায়ক হ’ব, যাৰ ফলত সমগ্ৰ পৰিয়ালটোৰ স্বাস্থ্য উন্নত হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰক্ষাবন্ধন উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ১৪.২ কেজি চিলিণ্ডাৰৰ বিনিময়ত ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰিছিল।
