নতুন দিল্লী ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি তিনিখন ৰাজ্যৰ তিনিটা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাব। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনত ৪০০ৰ লক্ষ্য অতিক্ৰম কৰাৰ আহ্বান পূৰণৰ লক্ষ্যৰে আজি জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশৰ ৰাইজৰ মাজত থাকিব শ্বাহ। ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ সবিশেষ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
ভাৰতীয় জনতা পাৰ্টিৰ এক্স হেণ্ডেল অনুসৰি আজি প্ৰথমে জম্মুত উপস্থিত হ’বগৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। তেওঁ পুৱা ১১.৪৫ বজাত জম্মুৰ পালৌৰাৰ মানহাস মহাসভা খেলপথাৰত বিজেপিৰ ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পিছত জ্যেষ্ঠ নেতাগৰাকী উত্তৰাখণ্ডৰ গড়ৱাল লোকসভা সমষ্টিলৈ আহিব। তাতে কোটদ্বাৰত দুৰ্গাপুৰৰ ৰামলীলা ময়দানত তেওঁ এখন ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পৰাই তেওঁ মধ্যপ্ৰদেশ পাবগৈ। সন্ধিয়া ৬ বজাত মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব শ্বাহে। এই ৰোড শ্ব’টো ফাৱৰা চ’কৰ পৰা বৰ মাতা মন্দিৰলৈ লৈ উলিওৱা হ’ব।
