• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অসম-মেঘালয় সীমান্তত ধান চপোৱাক লৈ সংঘৰ্ষ, এজন নিহত, কেইবাজনো গুৰুতৰভাৱে আহত
Regional

অসম-মেঘালয় সীমান্তত ধান চপোৱাক লৈ সংঘৰ্ষ, এজন নিহত, কেইবাজনো গুৰুতৰভাৱে আহত

CliQ INDIA
Last updated: October 10, 2025 11:45 am
CliQ INDIA
Share
2 Min Read
SHARE

হিংসাত্মক সংঘৰ্ষত নিহত

হামৰেণ (কাৰ্বি আংলং), ০৯ অক্টোবৰ (হি.স.)। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ সদৰ অন্তৰ্গত বৈঠালাংছ’ থানা এলেকাৰ টাপা গাঁৱত ধান চপোৱাৰ ঘটনাক লৈ ব্যাপক হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছে। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱা বুলি সাধাৰণ আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলে নিশ্চিত কৰিছে। যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে, তথাপিও ভিতৰি ভিতৰি উত্তেজনা বিৰাজ কৰি আছে বুলি সদৰি কৰিছে। অঞ্চলটোত শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে।

চৰকাৰী সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ পৰাই এই ঘটনা আৰম্ভ হয়। অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ একাংশ খাচী সম্প্ৰদায়ৰ বাসিন্দাই যেতিয়া নিজৰ পথাৰত ধান চপোৱা আৰম্ভ কৰিলে, তেতিয়া কাৰ্বিবাসীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। এই কথাত ক্ষুব্ধ হৈ খাচীসকলে পোনপটীয়াকৈ কাৰ্বিসকলক আক্ৰমণ কৰে।

খাচীৰ সৈতে হোৱা সংঘৰ্ষৰ ঘটনাত অৰিবেল টিমুং (৪৮) নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ষ্টেমুৱেল টিমুংকে ধৰি আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই মাৰপিটৰ ঘটনাত চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলি চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিয়ে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু জ্যেষ্ঠ বিষয়াসকলে অতিৰিক্ত নিৰাপত্তা বাহিনীক লৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ পিছত শূণ্য গুলী চালনা কৰিব লগা হৈছিল। সম্প্ৰতি অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

ইফালে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে এই সংঘৰ্ষত নিহত হোৱা অৰিবেল টিমুঙৰ নিকট আত্মীয়ক ১০ লাখ টকা প্ৰদান কৰাৰ লগতে আহত ষ্টেমুৱেল টিমুং আৰু অন্যান্যসকলৰ সকলো চিকিৎসা খৰচ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বহন কৰিব বুলি ঘোষণা কৰিছে।

 

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বোকাজানৰ সমীপত ভয়ঙ্কৰ পথ দুৰ্ঘটনা : গুৰুতৰ ভাবে আহত দুজন
মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত বৰভাগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ
ধিঙৰ আহোম গাঁৱত সংখ্যালঘু নেতাৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ।
তামাৰহাটত অভাৰলোডিং ডাম্পাৰৰ দৌৰাত্ম – HindusthanSamachar Assamese
ছয়গাঁৱৰ ৰদালি হোটেলত আৰক্ষীৰ অভিযান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসৰ পাতত ১১ অক্টোবৰঃ ২০০৮ চনত কাশ্মীৰ উপত্যকাত প্ৰথমখন ৰে’ল শুভাৰম্ভ
Next Article ছোমালিয়াক পৰাস্ত কৰি আলজেৰিয়াৰ ২০২৬ চনৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?