
কামৰূপ। ২৭ নৱেম্বৰ (হি.স.): কামৰূপৰ ৰঙিয়াত যোৱা কালি বিয়লি সংঘটিত হয় চাঞ্চল্যৰ লুটপাতৰ ঘটনা । দুই ভণ্ড বাবাই তন্ত্ৰ মন্ত্ৰ জপ কৰি লুটি নিলে ২ লাখ টকাৰ সোনৰ আ অলংকাৰ সহ নগদ দুই হাজাৰ টকা ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ সমীপৰ দহৰাৰ নিবাসী এগৰাকী মহিলাৰ ঘৰত দুই ভণ্ড বাবাই প্ৰৱেশ কৰে । তাৰ পিছত সন্তানহীনা মহিলাগৰাক সন্তানৰ প্ৰলোভন দি পূজা পাতল কৰিবলৈ আদেশ দিয়ে । কথা মতেই কাম, দুই ভণ্ড বাবাই ঘৰৰ চোতালত পূজা পাতল কৰিবলৈ আৰম্ভ কৰে । তাৰ পিছত মহিলাগৰাকীৰ ঘৰত থকা সকলো সোণৰ আ অলংকাৰ আনিবলৈ দিয়ে আৰু নগদ দুহেজাৰ টকা বিচাৰে ।
মহিলাগৰাকীৰ চকুৰ সন্মুখতে প্ৰায় দুই লাখ টকা মূল্যৰ সোণৰ আ অলংকাৰখিনি এখন গামোচাত বান্ধি মহিলাগৰাকীক চকু মুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ কয় । কিছুসময় পিছতে সেইখিনি মহিলাগৰাকীৰ কঁকালত বান্ধি নদীত গা ধুবলৈ যাৱলৈ উপদেশ দিয়ে। মহিলাগৰাকীয়ে নদীত গা ধুই গামোচাখন দেখি হতভম্ব হৈ পৰে । গামোচাত সোণৰ গহণাৰ পৰিবৰ্তে হাবি জংঘল বান্ধি ৰখা অৱস্থাত আছে । ততাতৈয়াকৈ মহিলাগৰাকীয়ে দুই ভণ্ড বাবাক ঘৰত বিচাৰি আহে যদিও ইতিমধ্যে দুই ভণ্ড বাবাই পলায়ন কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত ন্যায় বিচাৰি এজাহাৰ দাখিল কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
