ধুবুৰী, ১৬ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলকগঞ্জত গংগাধৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া সৃষ্টি হৈছে। পুৱ গাইখোৱা গাঁৱত চপৰা চপৰে খহিছে নৈৰ পাৰ। কিন্তু খবৰ লোৱাৰ আহৰি নাই বিধায়ক সাংসদ কোনো প্ৰশাসনৰ। ইতিমধ্যে কেইবাটাও সৰু বৰ ঘৰ জাহ গৈছে নদীৰ বুকুত। জাহ যোৱাৰ উপক্ৰম হোৱা ঘৰ ভাঙি দৌৰিছে নিৰাপদ স্থানত।
চাৰিওফালে কেৱল হা হুমুনিয়াহ। বৰ্তমানৰ বিধায়ক প্ৰাক্তন বিধায়ক সাংসদ সকলোৱে ব্যস্ত কাষতে থকা বিটিএডিৰ নিৰ্বাচনত। কিন্তু এনে ভয়ংকৰ অৱস্থাৰ কোনেও আহি কাষত থিয় হোৱা নাই। ইয়াৰ পূৰ্বতেও আবেদন নিবেদন কৰি পোৱা নাই কোনো স্থায়ী সমাধান। বেছি আবেদন নিবেদন কৰিলে কেইটামান বাঁহ পেলাই কৰে দায়িত্ব শেষ। কিছুদিন পিছত পুনৰ আৰম্ভ হয় গৰাখহনীয়া। স্থায়ী সমাধানৰ নাই কাৰো সদিচ্ছা। যাৰ বাবে ক্ষোভত ফাটি পৰিছে নৈপৰীয়া ৰাইজ। সেয়েহে গোলকগঞ্জৰ গৰাহখহনীয়া এলেকাত জয় শ্ৰীৰাম আৰু ভাৰত মাতা ধ্বনিৰে একাংশ হিন্দু নাগৰিকে ক্ষোভ উজাৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
