গোৱালপাৰা, ০৫ জানুৱাৰী (হি স)। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ একে দিশত গৈ থকা দুখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষত এখন ট্ৰাকৰ চালক-হেণ্ডিমেন গুৰুতৰ ভাৱে আহত হয় ৷
নিশা গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা এনএল ০১ এডি ৬০১৫ নম্বৰৰ ট্ৰাকৰ পিছফালে একে অভিমুখে গৈ থকা এএছ ১৭ চি ২৯৩০ নম্বৰৰ ট্ৰাকখনে বেকীপুলৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগত পিছফালে খুন্দা মাৰে ৷ ফলত খুন্দা মৰা ট্ৰাকৰ চালকৰ কেবিন চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে চালক জন আবদ্ধ হৈ পৰে আৰু গুৰুতৰ ভাৱে আহত হয় ৷ লগতে ট্ৰাকখনৰ হেণ্ডিমেনও আহত হয় ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আৱদ্ধ হৈ থকা চালকক কেবিন কাটি উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চালক আৰু হেণ্ডিমেনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
