যোৰহাট, ০৭ নৱেম্বৰ (হি.স.)। সমগ্ৰ অসমৰ স্বাস্থ্য বিভাগৰ কামকাজ পৰ্যবেক্ষণ কৰিলে স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থাটো ফুটি উঠে। চিকিৎসক অবিহনে চলিছে জাঁজীমুখ চিকিৎসালয়/বিনা চিকিৎসাই ৰোগী ওভটিছে ঘৰলৈ অসমৰ স্বাস্থ্য খণ্ডত আমোল পৰিৱৰ্তন ঘটা বুলি জাহিৰ কৰি থকাৰ সময়ত গ্ৰাম্যাঞ্চলত স্বাস্থ্য বিভাগৰ পঁয়ালগা ছবিয়েই সাধাৰণ জনতাক হতাশাগ্ৰস্থ কৰি তুলিছে। টীয়ক সমষ্টিৰ অন্তৰ্গত বানে বিধ্বস্ত কৰা জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ত আজি ২০ দিন ধৰি নাই এজনো চিকিৎসক।
ফলত চিকিৎসকৰ অনুপস্থিতিত বাটকুৰি বাই চিকিৎসা লাভৰ বাবে চিকিৎসালয় খনলৈ অহা ৰোগী সকলৰ বিনা চিকিৎসাৰে ঘৰমুৱা হব লগা হয় নতুবা ১০/১২ কিলোমিটাৰ দূৰত্বৰ টীয়ক এফ আৰ ইউ লৈ যাব লগা হয়। চিকিৎসালয় খনত নিয়োজিত ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসা কৰে দুই এজন ৰোগীক। জানিব পৰা মতে জাঁজীমুখ ৰাজ্যিক চিকিৎসালয়ত নিয়োজিত চিকিৎসক গৰাকী উচ্চ শিক্ষাৰ বাবে যোৱাত এনে এক অচলাৱস্থাৰ সৃষ্টি হোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগৰ তৰফৰ পৰা।
উল্লেখযোগ্য যে জাঁজীমুখত নিয়োজিত চিকিৎসক গৰাকীয়ে তিতাবৰৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছে নিজ সুবিধা অনুযায়ী। জাঁজীমুখৰ দৰে অঞ্চলত চিকিৎসকৰ অভাৱত সাধাৰণ ৰাইজে জীয়াতু ভোগাৰ পাছতো স্বাস্থ্য বিভাগৰ জয় জয় ময় ময় বুলি জাহিৰ কৰা কাৰ্য হাস্যকৰ বুলি অভিহিত কৰিছে স্থানীয় জনতাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
