চৰাইদেউ, ১৭ জানুৱাৰী (হি.স.)। চৰাইদেউ মৈদাম ক্ষেত্ৰক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ বাবে দিনে নিশাই কষ্ট কৰা, অতি সহজ সৰল, অত্যন্ত মৃদু ভাষী ডঃ কিষান চান্দ ন”ৰিয়ালক অসম চৰকাৰে নিৰ্বাচিত কৰিলে ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ বঁটাৰ বাবে।
চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ড”চিয়াৰ প্ৰস্তুত কৰা ড° কিষান চান্দ ন”ৰিয়াল অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত হয় । চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউনেস্ক”লৈ প্ৰেৰণ কৰা ড”চিয়াৰ প্ৰস্তুতৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক”ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে ড° ন”ৰিয়ালে ৷ ড° নৰিয়ালৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
