মৰিগাঁও, ১৩ ডিছেম্বৰ (হি.স.): মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত হিতাধিকাৰীয়ে খেলিমেলি কৰাৰ অভিযোগ উঠিছে। যাৰ বাবে খণ্ড উন্নয়ন বিষয়াই পৰিদৰ্শনৰ বাবে যোৱাৰ বতৰা পাই হিতাধিকাৰীয়ে গেটত তলা ওলমাই পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে।
জানিব পৰামতে, উন্নয়ন খণ্ডটোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সমূহ পৰ্যবেক্ষণ কৰিবলৈ মঙলবাৰে বিয়লি মৈৰাবাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কেইবাগৰাকী বিষয়া কৰ্মচাৰীৰে সৈতে খণ্ড উন্নয়ন বিষয়া কাশ্মীৰী বেগমে ২০১৬-১৭ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষৰ ভিতৰত উন্নয়ন খণ্ডটোত আৱণ্টিত, নিৰ্মাণ কাৰ্য সম্পন্ন কৰা আৰু নিৰ্মাণ কাৰ্য চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰসমূহ পৰ্যবেক্ষণ কৰিবলৈ লহকৰ ঘাট পঞ্চায়তত উপস্থিত হয়।নিৰ্মাণ কাৰ্য চলি থকা আৰু সম্পূৰ্ণ হোৱা প্ৰধানমন্ত্ৰী আবাস গৃহ সমূহ পৰ্যবেক্ষণ কৰোঁতে লহকৰ ঘাট পঞ্চায়তৰ অধীনত নিজৰ চৰকাৰী আবাস গৃহ সম্পূৰ্ণ নকৰা এগৰাকী হিতাধিকাৰীয়ে এনেদৰে গেটত তলা ওলমাই পলাই যায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
