ৰুদ্ৰপ্ৰয়াগ, ২৭ জুন (হি.স.)। বদ্ৰীনাথ ঘাইপথৰ ঘোলথিৰৰ সমীপত সংঘটিত হোৱা শোকাৱহ বাছ দুৰ্ঘটনাৰ পিছত এতিয়াও সন্ধানহীন হৈ থকা ৯ জন যাত্ৰীক বিচাৰি দ্বিতীয় দিনটোৰ বাবে এক নিবিড় উদ্ধাৰ অভিযান অব্যাহত আছে। এই অভিযান জিলা আৰক্ষী, অগ্নিনিৰ্বাপক সেৱা, এছডিআৰএফ, ডিডিআৰএফ আৰু জল আৰক্ষীৰ যৌথভাৱে প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ তত্বাৱধানত চলাই আছে।
নাও আৰু সোনাৰ প্ৰযুক্তিৰ সহায়ত আলাকনন্দ নদীত অনুসন্ধান অভিযান চলোৱা হৈছে আৰু স্থানৰ পৰা শ্ৰীনগৰলৈকে অঞ্চলসমূহত চোৱাচিতাকাৰী নিযুক্তি দিয়া হৈছে যাতে কোনো নিৰুদ্দেশ যাত্ৰীৰ সূত্ৰ বিচাৰি পোৱা যায়।
এই নিবিড় তালাচী অভিযানৰ সময়ত ৰাটুদাৰ সমীপৰ নদীৰ পাৰৰ পৰা উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো পথলৈ আনি মৃতদেহ গাড়ীৰে জিলা চিকিৎসালয় ৰুদ্ৰপ্ৰয়াগলৈ প্ৰেৰণ কৰে।
আৰক্ষী অধীক্ষক অক্ষয় প্ৰহ্লাদ কোণ্ডে জনোৱা মতে আজি উদ্ধাৰ হোৱা মৃতদেহটো ৰাজস্থানৰ শাস্ত্ৰী চক্ৰৰ উদয়পুৰ নিবাসী সঞ্জয় ছোনীৰ বয়স ৫৫ বছৰ বুলি চিনাক্ত কৰা হৈছে। পঞ্চনামা আৰু মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহটো পৰিয়ালক গতাই দিয়া হৈছে।
সম্প্ৰতি ০৮ জন যাত্ৰী সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰকাৰী দলে তেওঁলোকক বিচাৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
