শিৱসাগৰ, ৩১ ডিচেম্বৰ (হি.স.)। নাজিৰাৰ শিমলুগুৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে চুৰি হোৱা এখন বাইক। বাইকখনৰ নম্বৰ এ এছ ০৪ ডব্লিউ ৭৮১৩ বুলি জানিব পৰা গৈছে। মটৰ চাইকেলৰ গৰাকীয়ে বাইকখন চুৰি হোৱা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।
লগতে চুৰিৰ দৃশ্যাৱলী বন্দীৰ হয় চি চি টিভি কেমেৰাত। শিমলুগুৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য্য কুমাৰ বৰাৰ নেতৃত্বত চলিল অভিযান। বিগত ২৬ ডিচেম্বৰ, মঙ্গলবাৰে গড়গাওঁ মহাবিদ্যালয়ৰ পৰা চুৰি হৈছিল বাইকখন। লক্ষ্মীজান বিহুবৰ তিনি আলিৰ নিবাসী নৰেন গগৈৰ পুত্ৰই মহাবিদ্যালয়ত ৰখাই থোৱা স্থানৰ পৰা অজ্ঞাত দুষ্ট চক্ৰই চুৰি কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডত বিক্ৰী কৰাৰ সম্ভেদ পায় তদন্তকাৰী ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে। তিনি দিনৰ নেৰা-নেপেৰা প্ৰচেষ্টাৰ অন্তত নাগালেণ্ড মন জিলাৰ পৰা চুৰি হোৱা বাইকখন উদ্ধাৰ কৰে শিমলুগুৰি আৰক্ষীয়ে। ইতিমধ্যে ভুক্তভূগী পৰিয়ালটোক বাইকখন উদ্ধাৰ বিষয়ে আৰক্ষীয়ে খবৰ দিয়ে। চুৰি হোৱা মটৰ চাইকেলখন পুনৰ কাষত পাই উৎফুল্লিত হৈছে গৰাকী। এতিয়া সংবাদ-মাধ্যমৰ জড়িয়তে অসম আৰক্ষীক কৃতজ্ঞতা জনালে ছাত্ৰ জনৰ মাতৃয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
