কামৰূপ, ১৪ ডিচেম্বৰ (হি.স.)। ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ । লগতে সাতজনক গ্ৰেপ্তাৰ । গোপন সূত্ৰৰ ভিত্তিত কাৰ্যবাহী দণ্ডাধীশৰ উপস্হিতিত চিডিএছপি বিশ্বজিৎ ডেকাৰ নেতৃত্তত আৰক্ষীয়ে দেওবাৰে পুৱতি নিশা ৰঙিয়াৰ উদিয়ানা গাঁৱৰ মন্টুল আলীৰ বাসগৃহত অভিযান চলায় । অভিযানকাৰী দলটোৱে গৃহটোৰ পৰা ৮৬ কিলোগ্ৰাম আফিং উদ্ধাৰ কৰাৰ লগতে ২৫ লাখ ২৫ হাজাৰ ৪০০ টকাৰ নগদ ধন আৰু এটা ইলেকট্ৰনিক ওজন যন্ত্ৰ জব্দ কৰে । এই ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাসহ সাতজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
ধৃত লোক কেইজন হৈছে মূল অভিযুক্ত মন্টুল আলীৰ পত্নী জেৰিনা বেগম , মোস্তাফা আলী , ইনামুল হুছেইন , জাহিৰ ইছলাম, আৰিফুল হক, হবিবুৰ ৰহমান আৰু জাহিৰ ইছলাম । আটাইকেইজনক জব্দ কৰা মাদকদ্ৰব্য আৰু নগদ ধনসহ ৰঙিয়া থানালৈ আৰক্ষীয়ে নিয়ে । এই অভিযুক্ত কেইজনৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব । অধিক তথ্যৰ বাবে আটকাধীন অভিযুক্ত কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ৰঙিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবজিৎ নাথে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
