নতুন দিল্লী, ১৯ নৱেম্বৰ (হি.স.)। আজি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০ বজাত অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীস্থিত ভগৱান শ্ৰী সত্য সাই বাবাৰ মন্দিৰ আৰু মহাসমাধিত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত প্ৰায় ১০:৩০ বজাত তেওঁ সত্য সাই বাবাৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আধাৰত এটা স্মৃতি মুদ্ৰা আৰু ডাক টিকটৰ ছেট মুকলি কৰিব জীৱন আৰু শিক্ষাৰ বিষয়ে আৰু সমাৱেশক সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশৰ পিছত বিয়লি তামিলনাডুৰ কইম্বাটুৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰায় ১:৩০ বজাত তেওঁ দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন উদ্বোধন কৰিব। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দেশৰ ৯ কোটি কৃষকক সহায় কৰিবলৈ ১৮ হাজাৰ কোটি টকাৰো অধিক ধনৰ পিএম-কিছান আঁচনিৰ ২১ সংখ্যক কিস্তি মুকলি কৰিব।
অহা ২১ নৱেম্বৰলৈকে চলি থাকিব এই সন্মিলন। প্ৰাকৃতিক কৃষি অংশীদাৰ মঞ্চৰ তত্বাৱধানত আয়োজিত এই সন্মিলনৰ লক্ষ্য হৈছে বহনক্ষম, পৰিৱেশ অনুকূল, আৰু ৰাসায়নিক মুক্ত কৃষিক প্ৰসাৰ কৰা। এই কাৰ্যসূচীত জৈৱিক সামগ্ৰী, স্থানীয় প্ৰযুক্তি, পৰিৱেশ-বন্ধুত্বপূৰ্ণ পেকেজিং, কৃষি প্ৰক্ৰিয়াকৰণ, আৰু কৃষক উৎপাদক সংস্থাসমূহৰ বাবে বজাৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
এই সন্মিলনত তামিলনাডু, পুডুচেৰী, কেৰালা, তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশকে ধৰি দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৫০ হাজাৰৰো অধিক কৃষক, বিজ্ঞানী, প্ৰাকৃতিক কৃষি বিশেষজ্ঞ আৰু অন্যান্য অংশীদাৰে অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
