
দৰং, ২৬ নৱেম্বৰ (হি.স.): দৰং জিলাৰ দলগাওঁ বিধান সভা সমষ্টিৰ লালপুলত ড্ৰাগছ সৰবৰাহকাৰী এজনক আটক কৰা হৈছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ১৮ টা কন্টেইনাৰ আৰু এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে
এক গোপন খবৰ ভিত্তিত দলগাঁও আৰক্ষী থানাৰ পৰিদৰ্শক ৰাজীৱ বৰুৱাৰ নেতৃত্বত উপ-পৰিদৰ্শক মানস প্ৰতিম শৰ্মাসহ আৰক্ষীৰ দলটিয়ে শনিবাৰ সন্ধিয়া এএছ ১৩ আৰ ৫৪৪৩ নম্বৰ মটৰ চাইকলেত ড্ৰাগছ লৈ আহি থকা অৱস্থাত লালপুলৰ পৰা আলমাছ আলি নামৰ যুৱক জনক আটক কৰিবলৈ সক্ষম হয় । আলমাছ আলীৰ ঘৰ ওদালগুৰি জিলাৰ ঝাৰগাঁৱত বুলি জানিব পৰা গৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
