
কামৰূপ, ২৬ জুলাই (হি.স.)। কামৰূপ জিলাৰ হাজোৰ তাপাবড়ী চৰত এক শোকাৱহ অঘটন সংঘটিত হৈছে। দখাৱৈৰ পানীত পৰি দুই কন্যা শিশুৰ সলিল সমাধি ঘটে । তাপাবড়ী চৰৰ আব্দুল আলী নামৰ লোকজনৰ কন্যা শিশু ৰাছিদা ইয়াছমিন (৯) আৰু আব্দুল আলীৰ ভাগিন ছোৱালী লিজা বেগম (৮) দ খাৱৈৰ পানীত পৰি মৃত্য়ু হয়।
উল্লেখ্য় যে এক সপ্তাহ আগতে বঙাইগাঁৱৰ পৰা মাতৃৰ সৈতে লিজা বেগমে তাপাবড়ীৰ মোমায়েক আব্দুল আলীৰ ঘৰলৈ আহিছিল গৰমৰ বন্ধত ফুৰিবলৈ। আব্দুল আলীৰ কন্যা শিশু ৰাছিদা ইয়াছমিন আৰু ভাগিন ছোৱালী লিজা বেগমে ঘৰৰ পিছফালে থকা দ খাৱৈৰ পানীত পৰি দুই কন্যা শিশুৰ মূত হয়। শুকুৰবাৰে দুপৰীয়া ঘৰত কোনো নথকা অৱস্থাত ঘৰৰ পিছফালে খেলি থকা সময়ত দখাৱৈত পৰি শিশু দুজনীৰ মৃত্য়ু হয়। ইফালে শিশু দুজনীক দেখা নাপায় পৰিয়ালটোত হাহাকাৰ লাগে ।
পৰিয়ালৰ লগতে অঞ্চলটোৰ মানুহে বিছাৰ খোচৰ কৰি সন্ধিয়া সময়ত দ খাৱৈৰ পানীৰ পৰা উদ্ধাৰ কৰে মৃত শিশু দুগৰাকীক। এই ঘটনাই অঞ্চল জুৰি শোকৰ ছা পেলাইছে। শিশু দু গৰাকীক উদ্ধাৰ কৰি নিশা মৰণোত্তৰ পৰীক্ষাৰ বাবে হাজো আৰক্ষী থানাত মৰ্গত ৰাখে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
