তৃতীয় বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। তেতুলতলাস্থ জিলা বিজেপিৰ উদ্যোগত কালি সন্ধিয়া উলিওৱা হয় এক বিশাল বিজয় সমদল। এনডিএ চৰকাৰ তথা নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰী হোৱা উপলক্ষে ধুবুৰীৰ তেতুলতলাস্থ জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা আজিৰ এই বিশাল সমদলটোত কেইবা হাজাৰ বিজেপি সমৰ্থক আৰু দলটোৰ স্থানীয় কাৰ্যাকৰ্তাই অংশ লয়। স্বতঃস্ফূর্ত আহি সমদলটোত অংশ লোৱা পুৰুষ-মহিলাৰ পাৰভগা উছাহে সমগ্ৰ চহৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক বিজেপিৰ দলীয় সংগীতৰ তালে তালে নাচি-বাগি, ফটকা ফুটাই আৰু মিঠাই বিতৰণেৰে সমদলকাৰীসকলে ধুবুৰী চহৰৰ মুল ঘাইপথবোৰ প্ৰদক্ষিণ কৰে। ধুবুৰী জিলা বিজেপিয়ে ধুবুৰী চহৰৰ তেতুলতলাত প্ৰজেক্টাৰৰ জৰিয়তে লাইভ সম্প্ৰচাৰৰো ব্যৱস্থা কৰিছে।
BulletsIn
- ধুবুৰীত জিলা বিজেপিৰ উদ্যোগত কালি সন্ধিয়া উলিওৱা হয় এক বিশাল বিজয় সমদল।
- এনডিএ চৰকাৰ তথা নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰী হোৱা উপলক্ষে ধুবুৰীৰ তেতুলতলাস্থ জিলা বিজেপিৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা আজিৰ এই বিশাল সমদলটোত কেইবা হাজাৰ বিজেপি সমৰ্থক আৰু দলটোৰ স্থানীয় কাৰ্যাকৰ্তাই অংশ লয়।
- স্বতঃস্ফূর্ত আহি সমদলটোত অংশ লোৱা পুৰুষ-মহিলাৰ পাৰভগা উছাহে সমগ্ৰ চহৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
- আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক বিজেপিৰ দলীয় সংগীতৰ তালে তালে নাচি-বাগি, ফটকা ফুটাই আৰু মিঠাই বিতৰণেৰে সমদলকাৰীসকলে ধুবুৰী চহৰৰ মুল ঘাইপথবোৰ প্ৰদক্ষিণ কৰে।
- ধুবুৰী জিলা বিজেপিয়ে ধুবুৰী চহৰৰ তেতুলতলাত প্ৰজেক্টাৰৰ জৰিয়তে লাইভ সম্প্ৰচাৰৰো ব্যৱস্থা কৰিছে।
