কামৰূপ, ১৯ জানুৱাৰী (হি.স.)। হাজোত লোক নিৰ্মাণ বিভাগৰ আজব কাণ্ড। নিৰ্মাণ হৈ থকা পকী পথ দেখুৱাই ধন আত্মসাৎ কৰিব খোজা কাৰ্যত জাখোৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। হাজো লোক নিৰ্মাণ বিভাগৰ অধীনস্থ সোৱানচাহৰ পৰা ধাৰেশ্বৰ মন্দিৰ হৈ হালোগাঁৱলৈ ৯.১৯০ কিলোমিটাৰ পথ নতুনকৈ নিৰ্মাণ কৰাৰ বাবদ ৬ কোটি ১৯ লাখ ৩৬ হাজাৰ ৪২৫ টকা ধাৰ্য কৰা হৈছে। লগতে ৫বছৰ মেৰামতিৰ বাবদ ধাৰ্য কৰা হৈছে ৮৬ লাখ ২৫ হাজাৰ টকা।
এই ৯ কিলোমিটাৰজোৰা পথচোৱাৰ নিৰ্মাণ কাৰ্য চলি আছে ঠিকেই ইয়াৰে দুই কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ পকী হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক পংকজ কলিতাৰ অভিযোগ ২ কিলোমিটাৰ নিৰ্মাণ হৈ থকা পথচোৱা ৭ কিলোমিটাৰৰ পৰিৱৰ্তে কিয় ৯ কিলোমিটাৰ কৰা হ”ল। ইতিমধ্যে পকী হৈ থকা ২ কিলোমিটাৰ পথৰ লগত নতুনকৈ নিৰ্মাণ হৈ থকা ৭ কিলোমিটাৰ পথ সংযোগ কৰি ৯ কিলোমিটাৰৰ বাবদ ধন ধাৰ্য কৰা কাৰ্যত জাখোৰ খাই উঠিছে ছাত্ৰ সন্থাৰ সদস্যসকল। এতিয়া প্ৰশ্ন উঠিছে ইতিমধ্যে সম্পূৰ্ণ হৈ থকা ২ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবদ ব্যয় হ”বলগীয়া ধন আত্মসাৎ কৰিব খোজাৰ আঁৰত কোন কোন আছে। এই সন্দৰ্ভত হাজো লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত বিষয়টো অৱগত কৰা হৈছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
