– পাঁচ কোটি লোকৰ অংশগ্ৰহণ
নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.) । দেশত চলি থকা বিকাশ ভাৰত সংকল্প যাত্ৰাৰ অধীনত এই পৰ্যন্ত গাঁও পঞ্চায়ত আৰু নগৰীয়া স্থানীয় সংস্থাসমূহত দুই লাখৰো অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰসমূহলৈ অহা লোকৰ সংখ্যাই ৫ কোটি অতিক্ৰম কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শুকুৰবাৰে প্ৰকাশ কৰা অনুসৰি এই শিবিৰসমূহত ২.৬১ কোটিৰো অধিক আয়ুষমান কাৰ্ড তৈয়াৰ কৰা হৈছে আৰু ২.৬২ কোটিতকৈ অধিক লোকৰ টিবি পৰীক্ষা কৰা হৈছে। ইয়াৰ লগে লগে প্ৰায় ১০ লাখ লোকক উচ্চ জনস্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়।
এই শিবিৰসমূহত ৩১.৩৪ লাখতকৈ অধিক লোকক ছিকেল চেল ৰোগৰ পৰীক্ষা কৰা হৈছিল আৰু ৬০,৯০০ লোকক উচ্চ জনস্বাস্থ্য সুবিধালৈ প্ৰেৰণ কৰা হৈছিল। আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান এপ ব্যৱহাৰ কৰি স্বাস্থ্য শিবিৰত আয়ুষ্মান কাৰ্ড সৃষ্টি কৰা হৈছে আৰু হিতাধিকাৰীসকলক শাৰীৰিক কাৰ্ড বিতৰণ কৰা হৈছে। এই পৰ্যন্ত ৪৮,৯৬,৭৭৪খন কাৰ্ড বিতৰণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/বিজয়লক্ষ্মী/মনোজ
