গুৱাহাটী, ২১ জুলাই (হি.স.)। অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ এইচ এন ডি বি কেন্দ্ৰীয় পুথিভঁৰালৰ উদ্যোগত আৰু আই আই টি খড়গপুৰৰ গুৱাহাটী ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ সহযোগত সোমবাৰে পানীখাইতী স্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত
এদিনীয়া ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালাৰ আয়োজন কৰা হয়।
অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ এন এন দত্তই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ এন চি তালুকদাৰে আদৰণি ভাষণ দিয়ে। আই আই টি খড়গপুৰৰ গুৱাহাটী ভাৰতীয় ৰাষ্ট্ৰীয় ডিজিটেল পুথিভঁৰালৰ যুটীয়া মুখ্য পৰ্যবেক্ষক ডঃ বি সূত্ৰধৰে ডিজিটেল পুথিভঁৰালৰ ওপৰত ৰসাল বক্তৃতা প্ৰদান কৰি উপস্থিত প্ৰবক্তা সকলৰ দৃষ্টি আকৰ্ষণ কৰে। কর্মশালাত নগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃসমুদ্ৰ গুপ্ত কাশ্যপে ডিজিটেল পুথিভঁৰালে বিশ্বৰ জ্ঞান আহৰণৰ ক্ষেত্ৰত এক বিন্দুত পৰিণত হৈছে বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
