বৰপেটা, ২১ জুন (হি.স.)। বিটিআৰ’ নিৰ্বাচনত কেন্দ্ৰ কৰি পূৰ্ণ প্ৰস্তুতি বিজেপিৰ । আজি বৰপেটাত বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৰুত্বপূৰ্ণ মন্তব্য ৰণজিৎ কুমাৰ দাসৰ। সমাগত বিটিআৰ’ নিৰ্বাচনক কেন্দ্ৰ কৰি অহা ২৪ জুনত বাক্সা মুছলপুৰত অনুষ্ঠিত হব বিজেপিৰ বিশেষ বৈঠক।
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপৰি বিটিআৰ’ৰ ৫ খন জিলাৰ তত্বাবধায়কৰ দায়িত্বত থকা ৫ গৰাকী মন্ত্ৰীয়ে সভাত উপস্থিত থাকিব। পূৰ্বে ৩ জুনত গুৱাহাটীত অনুষ্ঠিত সভাত বিটিআৰ’ নিৰ্বাচনক কেন্দ্ৰ কৰি আলোচনা অনুষ্ঠিত হৈছিল। ইয়াৰ পিচতে ২৪ জুনত মুছলপুৰত অনুষ্ঠিত হবলগীয়া সভাত নিৰ্বাচনক কেন্দ্ৰ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহনৰ সম্ভাৱনা আছে।
ইপিনে ৰণজিৎ কুমাৰ দাসৰ দাবী-বিটিআৰ’ নিৰ্বাচনত ১৮ খন আসন দখলৰ লক্ষ্যৰে আগবাঢ়িছে বিজেপি । পূৰ্বে মাথো এখন আসন লাভ কৰা বিটিআৰ’ত বিগত নিৰ্বাচনত বিজেপিয়ে ৯ খন আসন দখল কৰিছিল। বিটিআৰ’ত পৰিষদীয় চৰকাৰ গঠনৰ ক্ষেত্ৰত ইউপিপিএল ৰ পাৱাৰ পাৰ্টনাৰ হোৱা বিজেপিৰ লক্ষ্য এইবাৰ ১৮ খন আসন দখল কৰা।
তাৰবাবে বিজেপিয়ে ৰনকৌশলো প্ৰস্তুত কৰি উলিয়াইছে। সেই ৰণ কৌশল অনুসৰি বন্ধু পক্ষ ইউপিপিএল ৰ উপৰিও আঞ্চলিক দল হিচাপে বিপিএফ ৰ প্ৰতিও নৰম বিজেপি।
সেয়ে এই বাৰৰ নিৰ্বাচনত বিপিএফৰ বিৰুদ্ধে আক্ৰোশমুলক আচৰণ নকৰে দলটোৱে। এইবাৰ বিটিআৰ’ৰ ৰাইজৰ ওপৰত সিদ্ধান্ত লোৱাৰ অধিকাৰ এৰি দিব আৰু ৰাইজে যাক বিচাৰে সেইমতে চৰকাৰ হব। অৱশ্যে বিটিআৰ’ত মৰ্চা চৰকাৰ হব আৰু মৰ্চা চৰকাৰত নিশ্চিতভাবে বিজেপি থাকিব বুলি দাবী ৰণজিৎ কুমাৰ দাসৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
