নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। বিৰোধী ইণ্ডি মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে আজি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব। আজি পুৱা ১১.৩০ বজাত মনোনয়ন দাখিল কৰিবলৈ উপস্থিত হ’ব উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী। তকেওঁৰ সৈতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, এছ পিৰ ৰাম গোপাল যাদৱকে ধৰি বিৰোধী দলৰ অন্যান্য নেতা উপস্থিত থাকিব।
ইয়াৰ পূৰ্বে বুধবাৰে সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক মিত্ৰ দলসমূহৰ নেতাসকলৰ আগত চিনাকি কৰাই দিয়ে।
উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বি সুদৰ্শন ৰেড্ডীয়ে এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ সৈতে প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা কৰিব । এদিন পূৰ্বে বৃহস্পতিবাৰে ৰাধাকৃষ্ণনে মনোনয়ন দাখিল কৰে। বিশেষ কথাটো হ’ল উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দুয়োজনেই দক্ষিণ ভাৰতৰ।
আজি ২১ আগষ্ট তাৰিখে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ। ২৫ আগষ্টলৈ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব আৰু ৯ ছেপ্টেম্বৰত নিৰ্বাচন আৰু ভোটগণনা অনুষ্ঠিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
