
নতুন দিল্লী, ০৬ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ডেৰাডুনত আয়োজিত দুদিনীয়া উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিট উদ্বোধন কৰিব ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বুধবাৰে এক বিবৃতিত প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অহা ০৮ ডিছেম্বৰত উত্তৰাখণ্ডৰ ডেৰাডুন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০:৩০ বজাত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত আয়োজিত ‘উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিট ২০২৩’ উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণকো সম্বোধন কৰিব।
‘উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ উত্তৰাখণ্ডক নতুন বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক পদক্ষেপ। অহা ৮ আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া সন্মিলনৰ বিষয়বস্তু হৈছে ‘শান্তিৰ পৰা সমৃদ্ধি’।
সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ বিনিয়োগকাৰী আৰু প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াত কেন্দ্রীয় মন্ত্রী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে আগশাৰীৰ উদ্যোগপতিৰ লগতে অন্যান্যসকলো উপস্থিত থাকিব ৷
হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ
