
–টীয়কৰ দল সংগঠনৰ শুভেচ্ছা
যোৰহাট, ০৭ ডিছেম্বৰ (হি স)। যোৰহাট জিলাৰ টীয়কৰ বিশিষ্ট সংস্কৃত পণ্ডিত তথা শিক্ষাবিদ কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° অকন চন্দ্ৰ শইকীয়ালৈ অসম চৰকাৰে অসম সাহিত্য বঁটা আগবঢ়োৱা খৱৰে উৎফুল্লিত কৰিছে টীয়ক বাসীক । এই খৱৰ পোৱাৰ পাছতে বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তি সংস্কৃত পণ্ডিত জনৰ টীয়ক মিধাখাটৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে ।
মূলতঃ “মাহকাব্যিয় সাহিত্য” “লোক সাহিত্য” “বৈদিক সাহিত্য” “শংকৰী সাহিত্য”তথা “শিশু সাহিত্য”ৰ ওপৰত বিশেষ ভাৱে চৰ্চা কৰি বহু গ্ৰন্থ ৰচনা কৰি অসমীয়াৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছে ডঃ শইকীয়াই ৷ “শংকৰী ভক্তিবাদৰ দাৰ্শনিক তত্ব ভাওনা- প্ৰদৰ্শন ;প্ৰতিযোগিতা; মূল্যায়ন ৰুক্মিণী- হৰণ আখ্যান আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰে তদুপৰি প্ৰকাশৰ পথত আছে অসমীয়া মহাভাৰতীয় সাহিত্য সম্ভাৰ নাম গ্ৰন্থ খন । আনহাতে অমৃত সঁফুৰা ল”ৰালীৰ সোণালী সাধু সাধু কথাৰ মৌ পৌৰাণিক বাল্য গাথা আদি শিশু সাহিত্য ৰচনা কৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
