গোলাঘট, ০১ ডিচেম্বৰ (হি.স.)। গোলাঘট নগৰত পোনপ্ৰথমবাৰৰ বাবে এটা পৌৰাণিক মন্দিৰৰ ভৱন কোনো ক্ষতি নোহোৱাকৈ কিছূ নিলগলৈ স্থানান্তৰ কৰাৰ লগতে ওখ কৰাৰ কাম আজিৰেপৰা আৰম্ভ কৰা হৈছে ৷
গোলাঘাটৰ কলেজতিনিআলিত ১৯৫৮ চনতে স্থাপন কৰা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰটো “দ” ঠাইত হোৱাৰ বাবে বাৰিষাকালত বানপানী হোৱাৰ বাবে সম্পূৰ্ণ মন্দিৰটো কাষৰ খালি মাটিলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লোৱাহয় ৷ আৰু হাৰিয়ানাৰ এস্কপাৰ্ট হাউচ লিফটিং নামৰ কোম্পানীটোৰ সৈতে যোগাযোগ কৰি ২৪ ফুট বহল আৰু২৩ ফুট দীঘল ভৱনটো জেক টেকন’লজিৰে ১৫ ফুট আতঁৰলৈ স্থানান্তৰৰ কাম আজি আৰম্ভ কৰা হয় ৷ কোম্পানীটোৰ মালিক য়োগা সিংয়ে কয়যে তেওলোকে অসমৰ বিভিন্ন ঠাইত চাৰি মহলীয়া ঘৰ পয্যন্ত স্হানান্তৰিত কৰিছে l
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
