-মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে ক্ষতিগ্ৰস্ত প্ৰতিজন নাগৰিকক সাহায্য প্ৰদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ
-চিনুক আৰু এম আই-১৭ হেলিকপ্টাৰ সম্পূৰ্ণ সাজু
উত্তৰকাশী, ০৬ আগষ্ট (হি.স.)। উত্তৰকাশীৰ ধৰালী অঞ্চলত সংঘটিত হোৱা ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জিলাখনত অৱস্থিত দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষৰ পৰা সাহায্য আৰু উদ্ধাৰ অভিযানৰ গভীৰ পৰ্যালোচনা কৰে। ইয়াৰ মাজতে মুখ্যমন্ত্রীয়ে সাহায্যৰ কাম আৰু অধিক ক্ষিপ্ৰতাৰে নির্দেশ দিয়াৰ সমান্তৰালকৈ কয় যে চৰকাৰে ক্ষতিগ্রস্ত প্রতিজন নাগৰিকক সাহায্য প্রদান কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।
ৰাজ্যৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু সেনা প্ৰতিনিধিৰ পৰা পৰিস্থিতি সম্পৰ্কে তথ্য আহৰণ কৰি মুখ্যমন্ত্ৰী ধামীয়ে সাহায্যৰ কাম দ্ৰুতগতিত আগুৱাই নিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে যুদ্ধৰ ভিত্তিত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। ভাৰতীয় বায়ুসেনাৰ চিনুক আৰু এম আই-১৭ হেলিকপ্টাৰ সম্পূৰ্ণ সাজু অৱস্থাত আছে, যাতে প্ৰয়োজন অনুসৰি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব পৰা যায়।
মুখ্যমন্ত্রীয়ে অৱগত কৰে যে অঞ্চলটোত উদ্ধাৰ আৰু চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে৷ ক্ষতিগ্ৰস্তসকলৰ বাবে খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সঠিক ব্যৱস্থা নিশ্চিত কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে সাহায্য কামক অগ্ৰাধিকাৰ দি প্ৰতিজন ক্ষতিগ্ৰস্ত নাগৰিকক সাহায্য প্ৰদানৰ বাবে দ্ৰুতগতিত কাম কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
