
বাক্সা, ১৫ জুলাই (হি.স.): বাক্সাৰ শালবাৰীত যোৱাকালি সোমবাৰে বিয়লি এবছুৰ সজাগতা সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বড়ো জাতিক একত্ৰিকৰণৰ উদ্দেশ্যে বাক্সা জিলা এবছুৱে ৰূপায়ণ কৰে এই কাৰ্যসূচী। কাৰ্যসূচীৰ জৰিয়তে এবছু লং লিভ, এবছু জিন্দাবাদ,বড়ো সাহিত্য সভা জিন্দাবাদ, বড়ো সকল এক হওঁক আদি শ্ল’গান দিয়ে।
কাৰ্যসূচীত এবছুৰ উপদেষ্টা বি চৌমখৌৰ বসুমতাৰীয়ে অংশগ্রহণ কৰি উক্ত কাৰ্যসূচী সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। কাৰ্যসূচীত বাক্সা জিলা এবছু, বাক্সা জিলা সাহিত্য সভাৰ বিষয়ববীয়া কৰ্মকৰ্তা, অঞ্চলটোৰ শিক্ষক সমাজ, কেবাগৰাকীও বিশিষ্ট ব্যক্তিকে ধৰি প্ৰায় সহস্ৰাধিক লোকে অংশগ্রহণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
