নতুন দিল্লী, ২১ জুলাই (হি.স.)। আজি পুৱা সংসদৰ বৰ্ষাকালিন অধিৱেশন আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ঐক্যৰ মনোভাৱ আগুৱাই নিবলৈ আহ্বান জনায়। ৰাজনৈতিক দলৰ মতামত বেলেগ বেলেগ হ’লেও দেশৰ স্বাৰ্থত সকলোৰে মন এক হ’ব লাগে বুলিও তেওঁ কয়। তেওঁ সকলো পক্ষকে সংসদৰ পৰা ইতিবাচক বাৰ্তা দিবলৈ আহ্বান জনায়। সংসদৰ বৰ্ষাকালিন অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে পৰম্পৰাগতভাৱে সংবাদ মাধ্যমক সম্বোধন কৰিছিল। তেওঁ শেহতীয়া সামৰিক, মহাকাশ আৰু অৰ্থনৈতিক অগ্ৰগতিৰ সৈতে জড়িত কৃতিত্বৰ কথাও উল্লেখ কৰে। এই অধিৱেশনক ৰাষ্ট্ৰৰ বাবে গৌৰৱময় বিজয়োৎসৱ বুলি অভিহিত কৰি ভাৰতৰ সাফল্যৰ প্ৰশংসাৰ সময় এই সময় বুলি কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভাৰতীয় ত্ৰিৰংগা উত্তোলন হোৱাৰ বাবেই আজি দেশত গৌৰৱ অনুভৱ হৈছে। সংসদে এই গৌৰৱময় মুহূৰ্তবোৰৰ প্ৰশংসা এক কণ্ঠেৰে গাব লাগে যাতে ভৱিষ্যত প্ৰজন্মই প্ৰেৰণা লাভ কৰিব পাৰে। বিশ্ব মঞ্চত পাকিস্তানক উদঙাই দিয়া পেহেলগাম আৰু অপাৰেচন সিন্দুৰৰ পিছত বিশ্বজুৰি যোৱা ভাৰতীয় প্ৰতিনিধি দলৰ ভূমিকাক তেওঁ শলাগ লয়। তেওঁ ৰাজনৈতিক দলসমূহক এই ঐক্যৰ ক্ষমতাক আগুৱাই নিবলৈ আহ্বান জনাই কয় যে, আপুনি দলীয় স্বাৰ্থত ভোট নাপাবও পাৰে কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থত হৃদয় পাব লাগিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ সামৰিক সামৰ্থ্যৰ প্ৰৱৰ্তন বিশ্বই দেখিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অপাৰেচন সিন্দুৰে ১০০ শতাংশ লক্ষ্যত উপনীত হৈছে। ইয়াত দেখা ভাৰতৰ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ পৰা ‘মেড ইন ইণ্ডিয়া’ৰ শক্তিত বিশ্বই এতিয়া আপ্লুত হৈছে। তেওঁ আশা প্ৰকাশ কৰে যে এই অধিবেশন বিজয়ৰ অনুভূতিৰে পৰিপূৰ্ণ হ’ব, যিয়ে সেনাবাহিনীক শক্তিশালী কৰিব, দেশবাসীক অনুপ্ৰাণিত কৰিব, প্ৰতিৰক্ষা উৎপাদনত উৎসাহ যোগাব আৰু যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।
তেওঁ কয় যে দেশত নক্সালবাদৰ পৰিসৰ এতিয়া ধাৰাবাহিকভাৱে সংকুচিত হৈছে, বহু জিলাই গৌৰৱেৰে সকাহৰ উশাহ লৈছে। সংবিধান জয়ী হৈছে। অর্থনৈতিক খণ্ডত তৃতীয় স্থানত উপনীত হৈছে ভাৰত৷ দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ দুশতাংশ আৰু ইয়াৰ ফলত সাধাৰণ জনতাক সকাহ দিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইউ পি আইয়ে ফিনটেকৰ ক্ষেত্ৰত বিশ্বব্যাপী পৰিচয় গঢ়ি তুলিছে আৰু ভাৰতে বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক ফিনটেক উদ্ভাৱনৰ সাক্ষী হৈ আছে। বিশ্বব্যাপী খবৰ অনুসৰি ৯০ কোটি লোক সামাজিক সুৰক্ষাৰ পৰিসৰৰ অধীনলৈ আহিছে আৰু ভাৰতক ট্ৰেক’মাৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালিন অধিৱেশন। এই অধিৱেশন এমাহলৈকে চলিব। যোৱা কালি দেওবাৰে এই সন্দৰ্ভত সৰ্বদলীয় বৈঠক আহ্বান কৰা হৈছিল য’ত চৰকাৰে সকলো পক্ষকে সহযোগিতা বিচাৰি আবেদন জনাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
