কোকৰাঝাৰ, ২২ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খন্ডৰ অন্তৰ্গত আৰু নামণি অসমৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আজি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আজি শেষৰ দিনৰ মুকলি সভাৰ কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো।
মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি অৰূপ কুমাৰ দেৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰমোদ বড়োৱে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। আদৰণি ভাষণ দিয়ে বিদ্যালয় খনৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসে। এই অনুষ্ঠানত বিধায়ক লৰেন্স ইছলাৰী,ই এম ৰেওৰেওয়া নাৰ্জাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহীৰ ৰাজনৈতিক উপদেষ্টা বেৰ্লাও খুংগুৰ কাৰ্জী, বিদ্যালয় খনৰ এছ এম ডি চিৰ সভাপতি ড পৰেশ চন্দ্ৰ ৰায় আদি লোকসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
