তিনিচুকীয়া, ২২ ডিচেম্বৰ (হি.স.)। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ সৌজন্যত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজ, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু দহোটীয়াচুক বৰনামঘৰৰ ৰাইজৰ সহযোগত শুকুৰবাৰে দহোটীয়াচুক পথস্থিত ককৰাতলী গাঁৱৰ কুন্তী পুখুৰী সমন্বয়ক্ষেত্ৰত শ্রী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ ৩৯৭ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয়।
পুৱাৰ পৰা আৰম্ভ হোৱা কাৰ্য্যসূচীত ধৰ্ম ধ্বজা উত্তোলন কৰে ৰেৱত চন্দ্ৰ দাসে, স্মৃতি অৰ্পণ কৰে বেদকান্ত ফুকনে, বৃক্ষৰোপণ কৰে পৰ্ণকান্ত দাসে আৰু তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি এটি অস্থায়ী নামঘৰ উন্মোচন কৰে সত্ৰাধিকাৰ শ্ৰীশ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে। তাৰ পিছতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত নাম কীৰ্তন ধৰ্মীয় গীত মাতেৰে ধৰ্মীয় শোভাযাত্ৰা কৰি সমগ্ৰ তিনিচুকীয়া চহৰ পৰিভ্ৰমণ কৰি পুনৰ উদযাপনস্থলী লৈ উভতি আহে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
