মৰিগাঁও, ০৫ জুলাই (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়।
মৈৰাবাৰী বজাৰৰ মাজমজিয়াত চলে এই অভিযান। অভিযানটোৰ নেতৃত্ব দিয়ে লাহৰীঘাট সম জিলাৰ আৰক্ষী অধীক্ষক ড° দিগন্ত বৰুৱাই।
এই অভিযানত গ্ৰেপ্তাৰ কৰা হয় আব্দুল জলিল, ফকৰ উদ্বিন আৰু বাবুল আলী নামৰ এজন কচাইক।
উল্লেখযোগ্য যে আব্দুল জলিল, বাবুল আলী আৰু ফকৰ উদ্বিনে বহু দিন ধৰি মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত মুকলিকৈ নিষিদ্ধ মাংসৰ দোকান খুলি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ মাংস জব্দ কৰিছে।
ইফালে আৰক্ষীৰ অভিযানৰ খবৰ পাই মৈৰাবাৰী বজাৰ এলেকাৰ প্ৰায় কুৰি খনত কৈও অধিক নিষিদ্ধ মাংসৰ দোকানী সকলে পলায়ন কৰে l
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
