



কোকৰাঝাৰ, ২৩ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰমত অৱস্থিত একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান স্বামী যোগানন্দ গিৰি মহাবিদ্যালয় শেহতীয়াকৈ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাকৰ পৰা বি ডাবল প্লাস (B ) গ্ৰেড লাভ কৰাত কলেজ খনত আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে। চলিত ডিছেম্বৰ মাহৰ ১৪ আৰু ১৫ তাৰিখে নাক তিনি জনীয়া দলে কলেজ খনৰ প্ৰথম চক্ৰৰ মূল্যায়নৰ বাবে পৰিদৰ্শন কৰে । স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ হাকিম আলী পাৰমানিকে এক সংবাদ মেলাৰ জৰিয়তে নাকৰ বি ডাবল প্লাছ (B )গ্ৰেড লাভ কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে শক্তিআশ্ৰমত স্বামী যোগানন্দ গিৰি মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ -ছাত্ৰী, পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ আৰু অঞ্চলবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লগতে কয় যে শুকুৰবাৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো শক্তি আশ্ৰমত এখন সভাত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় আৰু একে সময়তে শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ এটা দলৰ সৈতে সাক্ষাৎ কৰে আৰু শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ত নাক বি ডাবল প্লাছ (B ) গ্ৰেড লাভ কৰাত আনন্দ প্ৰকাশ কৰে আৰু কয় যে অনাগত দিনত শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ত এটা কার্যক্রমৰ আয়োজন কৰিবলৈ কৈছে য’ত তেওঁ স্বয়ং বিটিচিপ্ৰধানগৰাকীয়ে অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
