-কাইলৈ ষাঠি হাজাৰ মহিলাই বজাব শংখ , এক লাখ ৩০ হাজাৰ লোকে গীতা আবৃত্তিৰ বাবে নাম পঞ্জীয়ন
কলকাতা, ২৩ ডিছেম্বৰ (হি.স.)। বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ড। ইয়াত দেওবাৰে (২৪ ডিছেম্বৰ) কমেও এক লাখ লোকে একেলগে গীতা পাঠ কৰিব। অৱশ্যে এতিয়ালৈকে ১ লাখ ৩০ হাজাৰ লোকে গীতা আবৃত্তিৰ বাবে নাম পঞ্জীয়ন কৰিছে। আয়োজকসকলে কয় যে এই কাৰ্যসূচীত দক্ষিণ বংগৰ ৰাইজে অধিক অংশ গ্ৰহণ কৰিব। তেওঁলোকৰ বাবে ১০খন স্থানীয় ৰে’ল বুকিং কৰা হৈছে। উত্তৰ বংগৰ পৰা কোনো ৰে’ল গীতা আবৃত্তি কৰা লোকক কঢ়িয়াই নানে।
বিৰোধী দলপতি তথা বিজেপিৰ জ্যেষ্ঠ বিধায়ক সুবেন্দু অধিকাৰীও এই অনুষ্ঠানৰ মূল অতিথি। তেওঁ কয় যে আৰ্থিক সংকটৰ বাবে উত্তৰ বংগৰ পৰা মানুহ অনা নহয়। গীতা আবৃত্তিৰ পূৰ্বে ৬০ হাজাৰ মহিলাই একেলগে শংখধ্বনি দিব আৰু ৭০ হাজাৰ লোকে হে পাৰ্থ সাৰথি বজাও বজাও… গীতটি গাব বুলি এগৰাকী উদ্যোক্তাই জনায়। ইয়াৰ পূৰ্বে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুখ্য অতিথি হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল আৰু তেওঁৰ লগতে দ্বাৰকা পীঠৰ শংকৰাচাৰ্য সদানন্দ সৰস্বতীকো আমন্ত্ৰণ জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ কাৰ্যসূচী পিছুৱাই দিয়া হৈছে যদিও সদানন্দ সৰস্বতীয়ে অংশগ্ৰহণ কৰিব।
গীতা আবৃত্তিৰ চূড়ান্ত প্ৰস্তুতি চলি আছে। শনিবাৰে সন্ধিয়াৰ ভিতৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ব। ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত ভিক্টোৰিয়া মেম’ৰিয়েলৰ ঠিক সন্মুখতে দুটা ডাঙৰ প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছে। এটাত মুখ্য অতিথি থাকিব আৰু আনটোত ‘হে পাৰ্থ সাৰথি বজাও বজাও..’ গীত আৰম্ভ হ’ব। এই অনুষ্ঠানৰ বাবে কলকাতা আৰক্ষীয়ে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে।
হিন্দুস্থান সমাচাৰ/ঔম প্ৰকাশ/মনোজ
