
লক্ষিমপুৰ, ১৯ আগষ্ট (হি.স.): লক্ষিমপুৰত পুনৰ খাদ্যত বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে । বঙালমৰাৰ হজৰত আয়েশা বানাত মাদ্ৰাছাত সংঘটিত হৈছে এই ঘটনা। শিক্ষানুষ্ঠান খনৰ ৯ গৰাকী ছাত্ৰী দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পিছতেই অসুস্থ হৈ পৰে। যোৱাকালি সোমবাৰে বিয়লি খাদ্য গ্ৰহণ কৰাৰ পিছতেই সঘনাই পেট চলা আৰম্ভ হৈছিল ছাত্ৰী কেইগৰাকীৰ। বঙালমৰা ৩০ খন বিছনাযুক্ত চিকিৎসায়ত ভৰ্তি কৰোৱা হয় ছাত্ৰী কেইগৰাকীক।
বঙালমৰাৰ ২ নং আহমেদপুৰত অৱস্থিত মাদ্ৰাছাখন। ছোৱালী মাদ্ৰাছাখনৰ হোষ্টেলত ৩০ গৰাকী ছাত্ৰী আছিল। হোষ্টেলৰ দুপৰীয়াৰ খাদ্যত বিষক্ৰিয়াত হৈছিল। চিকিৎসকৰ মতে ডায়েৰিয়াত আক্ৰান্ত হৈছে শিক্ষাৰ্থী কেইগৰাকী। আক্ৰান্ত ছাত্ৰী কেইগৰাকী হ’ল আমিনা বেগম (১২)ৰিজুমা নাছৰিন(১২) আকিদা বেগম(১৩) ছেলিমা আকতাৰা(১২) ৰিবেনা বেগম(১৩) মল্লিকাকা আকতাৰা (১১)ফৰিদা বেগম(১৬) আতিফা বেগম(১৬) আৰু গোফৰানা বেগম(১০)। ইফালে সমগ্ৰ ঘটনা সংক্ৰান্তত স্বাস্থ্য বিভাগে নিজাববীয়া তদন্ত ঘোষণা কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
