গোলাঘাট, ০৮ জানুৱাৰী (হি.স.)। কালি নিশা গোলাঘাটৰ বৰজান চাহ বাগিচাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দুটাকৈ বাসগৃহ সম্পূর্ণ ৰূপে জুইত ভস্মীভূত। বৰজান চাহ বাগিচাৰ দুই ভাতৃ বব্লেশ্বৰ তাঁতী আৰু কম্লেশ্বৰ তাঁতীৰ বাসগৃত এই এই অগ্নীকাণ্ডৰ ঘটনা সংঘটিত হয়। নিশা শুই থকা অৱস্থাত হঠাৎ জ্বলি উঠিল বাসগৃহ দুটা।
কোনো মতে ডেৰবছৰীয়া দুটা কনমানি সহ পৰিয়ালৰ আন আন সদস্য সকলে নিজৰ প্ৰাণ ৰক্ষা কৰি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও ঘৰ দুটাৰ বয় বস্তু সমুহ জুইত জাহ যায়। পাছত স্থানীয় লোকৰ তৎপৰতাত আৰু গোলাঘাট অগ্নিনির্বাপক বাহিনী লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এপদো কাপোৰ কানি বাচি নোযোৱা এতিয়া দুয়োখন ঘৰতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।ঘৰখনত কোনো বিজুলী বাতিৰ ব্যৱস্থা অব্যাহত নথকাৰ পিছতো কিদৰে এই অগ্নিকাণ্ডৰ সুত্ৰপাত হ”ল তাৰ প্ৰকৃত কাৰণ জামিব পৰা নাই যদিও কোনো লোকে এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
