হোজাই, ০৮ নৱেম্বৰ (হি স)। হোজাই জিলাৰ লংকাৰ নখুঁটিত বুজন পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰা হৈছে ৷ নখুঁটি পানীজানৰ এটা মছজিদৰ কাষৰ পৰা জব্দ কৰা হয় কাঠৰ কুণ্ডাখিনি ৷
নখুঁটি উপখণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে গোপন সূত্ৰৰ পম খেদি জব্দ কৰিবলৈ সক্ষম হয় কাঠৰ কুণ্ডাখিনি ৷ জব্দকৃত চেগুনৰ কুণ্ডাখিনিৰ আনুমানিক বজাৰ মূল্য ডেৰ লক্ষাধিক টকাৰ বুলি অনুমান কৰা হৈছে। লামডিং সংৰক্ষিত বনাঞ্চল পৰা কোনো দৃস্কৃতিকাৰীয়ে মজুত কৰি ৰখাৰ সন্দেহ কৰা হৈছে। অৱশ্যে, ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
