গুৱাহাটী, ২১ আগষ্ট(হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কইনাধৰাত এক সংবাদমেল অনুষ্ঠিত কৰে। আজিৰ ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তক কেন্দ্ৰ কৰি অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ এই সংবাদমেল।
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, আজি অনুষ্ঠিত কেবিনেট বৈঠকত দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ নিৰ্মাণৰত উৰণ সেতুৰ নামাকৰণ কৰা হয়। মহাৰাজ পৃথুৰ নামত নামাকৰণ দীঘলীপুখুৰীৰ উৰণ সেতুৰ। লগতে অসমক আইআইএম উপহাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীকো কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।
সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, অসমত ১৮ বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড। এতিয়াৰে পৰা আধাৰৰ জৰিয়তে ল’ব নোৱাৰিব নাগৰিকত্ব। লগতে উৰিয়ামঘাটৰ উচ্ছেদক কেন্দ্ৰ কৰি বন বিভাগক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী কয়, বৰ্তমান সময় আমাৰ বাবে সংকটৰ সময়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, চলিত বৰ্ষৰ চিকিৎসা মহাবিদ্য়ালয়ত নামভৰ্তিৰ তালিকাখন লক্ষ্য় কৰিব। প্ৰাৰ্থীৰ তালিকাত খিলঞ্জীয়া অসমীয়া কম।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, অসমীয়া মানুহৰ পৰা ক্ষমতা হস্তান্তৰ হৈ আছে। আইআইএমৰ ঠিকা অসমীয়া মানুহে লাভ কৰিব। কিন্তু নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিক সকল খিলঞ্জীয়া নহয়। শিক্ষা, ক্ৰীড়া ক্ষেত্ৰৰ পৰা ক্ষমতা হেৰুৱাইছে অসমীয়াই। প্ৰতিযোগিতাৰ পৃথিৱী খনৰ পৰা আমি আঁতৰি গৈ আছোঁ।
শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত শিশু মৃত্য়ুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, তিনিজনীয়া কমিটীয়ে কাম কৰি আছে। চাৰি-পাঁচদিনৰ ভিতৰত কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
