গোলাঘাট, ১১ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ খুমটাইৰ পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যোৱা কালি বুধবাৰে সন্ধিয়া চিনাতলীত আছুৰ শ্বহীদ বেদী প্ৰাঙ্গণত অসম আন্দোলনৰ শ্বহীদক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । দহ ডিচেম্বৰ আজিৰ এই ঐতিহাসিক দিনটোতে অসম মাতৃৰ স্বভীমান ৰক্ষা কৰিবলৈ গৈ আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিছিল ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে । উক্ত দিনটোৰ পৰিপ্ৰেক্ষিতত আজি পশ্চিম গোলাঘাট ছাত্ৰ সন্থাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ।
উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি তুষাৰজ্যোতি শৰ্মা , চিনাতলী বৰ নামঘৰ পৰিষদৰ সম্পাদক ৰমেন বৰা, পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সভাপতি কৰণ নাগ, সহ: সম্পাদক জ্ঞানম বৰাৰ লগতে পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ ভালেসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে । সকলোৱে শ্বহীদ সকলৰ অৱদান আৰু ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
