ৰাজগীৰ, ২৪ আগষ্ট (হি.স.)। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হৈ থকা সন্মানীয় হিৰো এছিয়া কাপ ২০২৫ৰ বাবে শনিবাৰে গভীৰ নিশা ইয়াত উপস্থিত হয় জাপানৰ পুৰুষ হকী দল। প্ৰতিযোগিতাখনৰ ইতিহাসত পাঁচবাৰ চতুৰ্থ স্থান দখল কৰা জাপানী দলটোৱে এতিয়াও প’ডিয়ামত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
বৰ্তমান এফ আই এইচৰ বিশ্ব ৰেংকিঙত ১৮ নম্বৰ স্থানত থকা জাপানক আয়োজক ভাৰত, চীন আৰু কাজাখস্তানৰ সৈতে পুল এত স্থান লাভ কৰিছে। ২৯ আগষ্টত কাজাখস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব আৰু তাৰ পিছত ৩১ আগষ্টত আয়োজক ভাৰতৰ বিৰুদ্ধে খেলিব, যিখন খেল অতি ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে। তেওঁলোকৰ অন্তিমখন পুল মেচত ১ ছেপ্টেম্বৰত চীনৰ বিৰুদ্ধে খেলিব জাপানী দলটোৱে।
দেওবাৰে হকী ইণ্ডিয়াই প্ৰকাশ কৰা এক বিবৃতিত জাপান দলৰ অধিনায়ক ৰিকি ফুজিছিমাই কয় যে এই চহৰত আমাৰ প্ৰথমখন প্ৰতিযোগিতাৰ বাবে ইয়াত উপস্থিত হৈ আমি অতিশয় উৎসাহিত হৈছো। আমাৰ মূল লক্ষ্য হৈছে এছিয়া কাপ জয় কৰি ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু ইয়াৰ বাবে আমি সম্পূৰ্ণ শক্তিৰে খেলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। দলটোৱে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ আৰু সমগ্ৰ প্ৰতিযোগিতাখনতে শীৰ্ষ শ্ৰেণীৰ হকী প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত হয়।
তেওঁ লগতে কয় যে আমাৰ আটাইতকৈ কঠিন পৰীক্ষা ভাৰতৰ বিৰুদ্ধে হ’ব। এইটো প্ৰতিযোগিতাখনৰ সৰ্বোচ্চ ৰেংকিঙৰ দল আৰু ঘৰুৱা সমৰ্থনৰ সুবিধাও থাকিব, কিন্তু আমি আমাৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী। আমি এইবাৰ জয়ী হৈ প’ডিয়ামত সামৰণি পেলাবলৈ আত্মবিশ্বাসী।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
