যোৰহাট, ১৭ আগষ্ট (হি.স.): যোৰহাটৰ মালৌ আলিত যোৱাকালি শনিবাৰে সন্ধিয়া বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। ভয়ংকৰ অগ্নিকাণ্ডত জাহ গল ৫ টাকৈ ভাড়া ঘৰ ।
উল্লেখ্য় যে অগ্নিকাণ্ড সংঘটিত হোৱা এই ঘৰকেইটা ৰিক্সা চলাই পৰিয়ালৰ পোহপাল দিয়া লোকৰ আছিল । অগ্নিকাণ্ডত নগদ ধন, কাপোৰ–কানি সকলো জাহ গল। আটাই কেইটা ঘৰ বন্ধ আছিল। ভাড়াঘৰৰ গৰাকী সকল ৰিক্সা চলাবলৈ গৈছিল। এজন লোকে কান্দি কান্দি কলে, নগত ৭ হেজাৰ টকা মহাজনক দিবলৈ ৰাখিছিল। কিন্তু জ্বলি ভষ্মীভূত হ‘ল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
