
গোলাঘাট, ০৭ জানুৱাৰী (হি স)। গোলাঘাট জিলাৰ মৰঙিত ভয়াৱহ ভাবে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ শালিখেতিৰ পথাৰ উদং কৰাৰ পাছত এইবাৰ ৰবিশস্যৰ পথাৰত দৈনিক চলিছে হাতীৰ উপদ্ৰৱ ৷ ফলত কৃষকে মুৰে কপালে হাত দিছে হাতীৰ তাণ্ডৱত ৷ বছৰটোৰ প্ৰতিটো দিনেই চলিছে মৰঙিৰ ভিন্ন প্ৰান্তত হাতীৰ উপদ্ৰৱ ৷
ইফালে ৰাজপথ পাৰ হৈ হাতীৰ জাকে মৰঙি বাগানৰ পৰা লেটেকুজান বাগিচা পাৰ হৈ জনাঞ্চলত চলাইছে উপদ্ৰৱ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওতে বহু সময় আবদ্ধ হৈ পৰে যান – বাহনকে ধৰি পথাচাৰী ৷ জানিব পৰামতে মৰঙি বাগিচাত এজনী হাতীয়ে পোৱালী প্ৰসৱ কৰাৰ বাবেই হাতীৰ জাকটো আঁতৰি যোৱা নাই ৷ যাৰ ফলত আতংকিত হৈ আছে ৰাইজ ৷ এইক্ষেত্ৰত বন বিভাগক পৰিস্থিতি মোকাবিলাৰ দাবী জনাইছে ৰাইজে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
