মৰিগাঁও, ২০ জুলাই (হি.স.)। মৰিগাঁও আৰক্ষীয়ে বোৱালগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও জিলাৰ ২৭৯ নম্বৰ চাইবাৰ অপৰাধীটো। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধিটোৰ নাম মুজ্জামিল হক বুলি জানিব পৰা গৈছে।
পেচাত এজন ৰাজমিস্ত্ৰি আছিল মুজ্জামিল হক। আদিত্য বিৰলা, এক্সিছ বেংক আদি কৰি কেইবাটাও বিত্তীয় প্ৰতিষ্ঠানক প্ৰবঞ্চনা কৰি গঢ়ি তুলিছিল বিশাল সম্পত্তিৰ পাহাৰ। বিগত এটা বছৰ ধৰি পলায়ন কৰি থকা চাইবাৰ অপৰাধী মুজ্জামিল হকৰ বিৰুদ্ধে লাহৰীঘাট থানাত ২৬/২৪ নম্বৰত পঞ্জীয়ন হৈছিল গোচৰ। গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধীটোৰ সংখ্যা হৈছে ২৭৯ জন।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
